Amar Axom
30 subscribers
30 links
Amar Axom ৰ উদ্দেশ্য হৈছে ছাত্র-ছাত্রীসকলৰ বাবে বিভিন্ন শৈক্ষিক বিষয়ৰ সমাধান লগতে কুইজ, সাধাৰণ জ্ঞান, আৰু অন্যান্য বিশ্
Download Telegram
Messages in this channel will be automatically deleted after 1 day
Messages in this channel will no longer be automatically deleted
স্থানীয় চৰকাৰ কিয় প্ৰয়োজন?


স্থানীয় চৰকাৰ মানে গাঁও, চহৰ বা মেট্ৰ’ৰ স্তৰত কাম কৰা চৰকাৰ। ইয়াত গ্ৰাম পঞ্চায়ত, নগৰ সমিতি আৰু মহানগৰ নিগম আদি অন্তৰ্ভুক্ত। এই সকল সংস্থাই স্থানীয় জনসাধাৰণৰ প্রয়োজন পূৰণ কৰে।

নিম্নলিখিত কাৰণবিলাকৰ বাবে আমাৰ স্থানীয় চৰকাৰৰ প্রয়োজন হয়।

জনগণৰ ওচৰলৈ চৰকাৰ লৈ যোৱা: স্থানীয় চৰকাৰে প্রশাসনক জনগণৰ ওচৰলৈ লৈ যায়। ই স্থানীয় সমস্যা আৰু স্থানীয় প্রয়োজন বুজি পায় যি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে বুজিব নোৱাৰে।

দ্ৰুত আৰু ফলপ্ৰসূ সমাধান: স্থানীয় চৰকাৰ জনগণৰ একেবাৰে ওচৰত থকাৰ বাবে তৎক্ষণাত কাৰ্য কৰিব পাৰে। পথ ভাঙি যোৱা, বিজুলি বাতি যোগান ধৰা, আবৰ্জনা সংগ্ৰহ, পানী যোগান ৰ সমস্যা ই সোনকালে সমাধান কৰিব পাৰে।

মৌলিক সেৱা প্ৰদান: স্থানীয় চৰকাৰে পৰিষ্কাৰ পানী, পায়খানা-নিষ্কাশন ব্যৱস্থা, স্থানীয় পথ-ঘাট, বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ, উদ্যান আদি মৌলিক সেৱা প্ৰদান কৰে। এই সেৱাবোৰে দৈনন্দিন জীৱন সহজ আৰু সুগম কৰে।

সহযোগিতা বৃদ্ধি: স্থানীয় চৰকাৰে সভা-সমিতি আৰু সিদ্ধান্ত গ্ৰহণত স্থানীয় লোকক অংশগ্ৰহণৰ সুযোগ দিয়ে। এইদৰে সহযোগিতা বৃদ্ধি পায়, গণতন্ত্ৰ শক্তিশালী হয় আৰু মানুহে নিজৰ সমাজ উন্নয়নলৈ অৱদান আগবঢ়াব পাৰে।

উচ্চতৰ চৰকাৰৰ ভাৰ কমোৱা: স্থানীয় চৰকাৰে গাঁও-চহৰৰ সমস্যা সমাধান কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ওপৰত থকা কার্যভাৰ কমায়। ইয়াৰ ফলত উচ্চ চৰকাৰে দেশৰ ডাঙৰ সমস্যা সমাধানলৈ মনোযোগ দিব পাৰে।

দায়িত্ববোধ বিকাশ: স্থানীয় চৰকাৰে নাগৰিকৰ মাজত নিজৰ অঞ্চল উন্নয়ন কৰাৰ দায়িত্ববোধ বৃদ্ধি কৰে। ই লোকক সচেতন কৰে আৰু সমাজত একেলগে কাম কৰাৰ মানসিকতা গঢ়ি তোলে।

স্থানীয় চৰকাৰৰ প্রয়োজন আছে কাৰণ ই স্থানীয় সমস্যা দ্ৰুত সমাধান কৰিব পাৰে, মৌলিক সেৱা উন্নত কৰে আৰু সহযোগিতা বৃদ্ধি কৰে। ইয়াৰ ফলত গণতন্ত্ৰ শক্তিশালী হয় আৰু দেশবাসীৰ জীৱন মান উন্নত হয়।
প্রশ্নঃ ভাৰতীয় জাতীয়তাবাদ উন্মেখনত বাতৰি কাকতে কেনেদৰে ভূমিকা পালন কৰিছিল?"

উত্তৰ: ভাৰতীয় জাতীয়তাবাদ উন্মেখন মানে ভাৰতীয় লোকসকলৰ মাজত দেশপ্ৰেম, ঐক্য আৰু স্বাধীনতাৰ ইচ্ছা জাগ্ৰত হোৱাক বুজায়। এই জাতীয় চেতনা সৃষ্টি কৰাত বাতৰি কাকতে অত্যন্ত গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

ব্ৰিটিছৰ অন্যায় কাম-কাজ পোহৰলৈ আনা: বাতৰি কাকতে ব্ৰিটিছ শাসকে কৰা অত্যাচাৰ, বৈষম্য আৰু অন্যায় নীতি সহজ ভাষাত জনসাধাৰণৰ বাবে পোহৰলৈ আনিছিল। ইয়াৰ ফলত মানুহে ব্ৰিটিছ শাসনৰ সঠিক ৰূপ বুজিব পাৰিছিল।

জনসাধাৰণক সচেতন কৰি তোলা: সংবাদপত্ৰসমূহে দেশৰ বিভিন্ন স্থানত কি ঘটিছে, স্বাধীনতা আন্দোলন কেনেদৰে আগবাঢ়িছে আদি কথা নিয়মিত প্ৰকাশ কৰিছিল। এই তথ্যবোৰে লোকসকলক সচেতন কৰি তুলিছিল আৰু দাবী-সমূহৰ বিষয়ে বুজি উঠিবলৈ সহায় কৰিছিল।

স্বদেশী আৰু বয়কট আন্দোলনৰ সমৰ্থন: বাতৰি কাকতে স্বদেশী আন্দোলন, বিদেশী সামগ্ৰীৰ বয়কট, এজনৰ সৈতে আন এজনৰ সহযোগিতা আদিৰ বিষয়ে স্পষ্টভাৱে লিখিছিল। ইয়াৰ ফলত আন্দোলনবোৰ ৰাজ্যৰ পৰা ৰাজ্যলৈ, অঞ্চলৰ পৰা অঞ্চললৈ দ্রুতগতিত প্ৰসাৰ লাভ কৰিছিল।

দেশজুৰি যোগাযোগ সৃষ্টি: যিহেতু সেই সময়ত টেলিভিছন বা ইণ্টাৰনেট নাছিল, বাতৰি কাকতে দেশজুৰি যোগাযোগৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছিল। দেশৰ এক প্ৰান্তত কি ঘটিছেসেয়া আন প্ৰান্তৰ লোকেও জানিব পাৰিছিল। ইয়াৰ ফলত দেশবাসীৰ মাজত ঐক্যবোধ বৃদ্ধি পাইছিল।

জাতীয় নেতা আৰু বুদ্ধিজীৱীৰ মতামত প্ৰকাশ: সংবাদপত্ৰবোৰে বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, গোপাল কৃষ্ণ গোকলে আদিৰ দৰে বহু নেতাৰ লেখা আৰু বক্তৃতা প্ৰকাশ কৰিছিল। এইবোৰ লিখনীয়ে জনসাধাৰণৰক প্ৰেৰণা, সাহস আৰু নতুন দিশ প্ৰদান কৰিছিল।

জাতীয় চেতনাৰ জাগৰণ: বাতৰি কাকতে স্বাধীনতা, ন্যায়, অধিকাৰ আৰু স্বাভিমানৰ বিষয়ে বহু লেখা প্ৰকাশ কৰিছিল। এই লেখাবোৰে দেশবাসীৰ অন্তৰত দেশপ্ৰেম, সাহস, স্বাধীনতাৰ প্রতি আগ্ৰহ আৰু জাতীয় গৰিমাৰ অনুভৱ সৃষ্টি ভূমিকা পালন কৰিছিল।

মুঠতে, বাতৰি কাকত এনে এক শক্তিশালী মাধ্যম আছিল যিয়ে ব্ৰিটিছ শাসনৰ অন্যায় পোহৰলৈ আনি, লোকসকলক সংগঠিত কৰি, আন্দোলনবোৰৰ প্ৰসাৰ ঘটাইভারতীয় জাতীয়তাবাদক শক্তিশালী কৰিছিল। এনেদৰে জাতীয় চেতনাৰ সৃষ্টি কৰাত বাতৰি কাকতে মূল্যৱান অৱদান আগবঢ়াইছিল।
পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে|
১) সৰল বাক্য
২) যৌগিক বাক্য
৩)জটিল বাক্য
৪) বর্ণনাত্মক বাক্য
উত্তৰ 8) ✓
প্ৰশ্নঃ গা জুৰ পৰ মানে কি?
উত্তৰ: শান্ত হোৱা বা স্বস্তি অনুভৱ কৰা।
মিশ্ৰ বাক্য আৰু জটিল বাক্য একে নহয় ।

*মিশ্ৰ বাক্য:* মিশ্ৰ বাক্য হৈছে এনে ধৰণৰ বাক্য য’ত দুটা বা তাতোকৈ বেছি সৰল বাক্য ‘ আৰু’, ‘ কিন্তু’, ‘ অথবা’, ‘ তেন্তে’, ‘ যাতে’ আদি সমন্বয়বাচক অব্যয়ৰে সংযুক্ত হয়। মিশ্ৰ বাক্যত দুটা বা ততোধিক সৰল বাক্য থাকে। ইয়াৰ কোনো বাক্যই আনৰ ওপৰত ব্যাকৰণগতভাৱে নিৰ্ভৰশীল নহয়।

*উদাহৰণ:*
মই ঘৰলৈ যাম আৰু তুমি বিদ্যালয়লৈ যাবা ।
তেওঁ আহিব বা মই যাব।

*জটিল বাক্য:* জটিল বাক্য হৈছে সেইধৰণৰ বাক্য য’ত এটা মুখ্য (principal) বাক্যৰ লগত এটা বা তাতোকৈ বেছি নিৰ্ভৰশীল বাক্য (subordinate clause) থাকে। নিৰ্ভৰশীল বাক্যটো মুখ্য বাক্যৰ ওপৰত নিৰ্ভৰশীল হয় আৰু ‘ যদি’, ‘ যেতিয়া’, ‘ কাৰণ’, ‘ যদিও’, ‘ যেন’, ‘ যি’, ‘ যে’ আদি সমন্বয়বাচক অব্যয়ৰে সংযুক্ত হয় ।

*উদাহৰণ*
তেওঁ যদি আহে তেন্তে মই যাম ।
মই যেতিয়া গৈছিলোঁ, তেওঁ তেতিয়াও ঘৰত নাছিল।

*টোকা:*
*সৰল বাক্য:* সৰল বাক্য হৈছে এটা মাত্ৰ ভাব বা কথা প্ৰকাশ কৰা বাক্য। এই বাক্যত সাধাৰণতে এটা কৰ্তা আৰু এটা বিধেয় থাকে, আৰু বাক্যটো স্পষ্টভাৱে এটা ভাব প্রকাশ কৰে ।

*উদাহৰণ:*
মই ভাত খাম ।
তেওঁ আহিল।
বিদেশৰ সাগৰে জুবিনদাৰ গভিৰতা বুজি নাপালে🥹
প্ৰশ্নঃ ফুলগুৰি ধেৱা কি?

উত্তৰঃ ফুলগুৰিৰ ধেৱা হৈছে ১৮৬১ চনত নগাঁও জিলাৰ ফুলগুৰি নামৰ ঠাইত সংঘটিত হোৱা এক কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ ব্ৰহ্মপুত্ৰ উপত্যকাত ইংৰাজ চৰকাৰৰ শোষণ আৰু কৃষি-কৰৰ বিৰুদ্ধে হৈছিল আৰু অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হিচাপে পৰিচিত।
*Q:* How was a solution to the problems of the indigo sharecroppers of Champaran found?

*Ans:* A solution to the problems of the indigo sharecroppers of Champaran was found when Mahatma Gandhi visited Champaran, listened to the complaints of the farmers, investigated the exploitation by the British planters, and urged the authorities to provide relief and fair treatment to the sharecroppers.