আমাৰ কলেজৰ দেৱালত জুবিন দাৰ অন্তিম খন চিনেমা "ৰৈ ৰৈ বিচাৰে" ৰ পোষ্টাৰ কেইবাখনো লগোৱা আছিলে, ফটো এখন উঠো বুলি ৰব নোৱাৰিলোঁ। সেই দিনাখন চিনেমা খনৰ কৰ্তৃপক্ষই কলেজলৈ আহি জুবিন দাই নিজ হাতেৰে লিখি থৈ যোৱা "চিঠি" খন বিতৰণ কৰি গৈছৈ। আজি দাদা আমাৰ মাজত নাই, দাদা থাকিলে নিজে আহি অইন বাৰৰ নিচিনাকৈ আমাক এইবাৰো চিনেমা খন চাবলৈ আহ্বান জনালে হয়। সেয়েহে এইটো এতিয়া আমাৰ দায়িত্ব, যাতে এই চিনেমা খন আমি সমগ্ৰ অসমবাসীয়ে চাওঁ আৰু দাদাৰ সপোন পূৰণ কৰোঁ। আঁহক,আমি সকলোৱে মিলি জুবিন দাৰ অন্তিম খন চিনেমা "ৰৈ ৰৈ বিনালে" চাওঁ আৰু এনে এক অভিলেখ গঢ়োঁ,যাতে ভৱিষ্যতে ১০০ বছৰলৈ এই অভিলেখ উল্লেখ থাকে।
#justiceforzubeengarg
#justiceforzubeengarg
❤2